12 September 2019

Assam TET 2019 Assamese Language Study Material-অসমীয়া ভাষাৰ জন্ম, ক্ৰমবিকাশ আৰু উপভাষা

Advertisement

Assam TET 2019 Assamese Language Study Material



অসমীয়া ভাষাৰ জন্ম, ক্ৰমবিকাশ আৰু উপভাষা

  • অসমীয়া ভাষা এটা সুপ্ৰাচীন ভাষা। ই আৰ্য গোষ্ঠীৰ ভাষা ।
  • খ্ৰীষ্টীয় দশম, একাদশ শতিকামানত অসমীয়া ৰূপ ল’বলৈ আৰম্ভ কৰে ।
  • ১০০০ খ্ৰীষ্টাব্দৰ আগত সংস্কৃত ঘাই ভাষা আছিল ।
  • ১০০০ খ্ৰীষ্টাব্দৰ সমসাময়িক কালত অসমীয়া ভাষাৰ উৎপত্তি ঘটে ।
  • তিব্বতবৰ্মী আৰু অষ্ট্ৰিকসকলৰ ভাষাৰ প্ৰভাৱ অসমীয়া ভাষাৰ ওপৰত পৰিছে ।













ভাৰতীয় আৰ্য ভাষাগোষ্ঠীক তিনিটা স্তৰত ভাগ কৰা হয়।


১)প্ৰাচীন ভাৰতীয় আৰ্য ভাষা।

  • বৈদিক আৰু সংস্কৃত ভাষাই প্ৰাচীন ভাৰতীয় আৰ্য ভাষা । 
২)মধ্য ভাৰতীয় আৰ্য ভাষা।

  • পালি প্ৰাকৃত আৰু অপভ্ৰংশই মধ্য ভাৰতীয় আৰ্য ভাষা ।
৩)নবীন ভাৰতীয় আৰ্য ভাষা।
  • আধুনিক কথিত আৰ্য গোষ্ঠীৰ ভাষাসমূহেই তৃতীয় স্তৰৰ নবীন আৰ্য ভাষা।

প্ৰাচীন ভাৰতীয় আৰ্য ভাষা

প্ৰাচীন ভাৰতীয় আৰ্য ভাষাই ধ্বনিগত আৰু ব্যাকৰণগত পৰিবৰ্তন লাভ কৰি প্ৰাকৃত আৰু অপভ্ৰংশৰ মাজেদি আধুনিক ভাৰতীয় আৰ্য ভাষাত পৰিণত হৈছে।

প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ স্তৰ

ক)বৈদিক সংস্কৃত ভাষাৰ স্তৰ:
  • বৈদিক ভাষা আৰু সংস্কৃত ভাষাই হ’ল প্ৰথম স্তৰৰ ভাষা।
খ)প্ৰাকৃত ভাষা:

প্ৰাকৃতৰ স্তৰ ৰূপ তিনিটা:


১)আদি প্ৰাকৃত

  • অশোকৰ শিলালিপি, পালি ভাষাত লিখা ত্ৰিপিটক আদি বৌদ্ধ শাস্ত্ৰত আদি প্ৰাকৃতৰ নিদৰ্শন পোৱা যায়।

২)মধ্য প্ৰাকৃত

  • সংস্কৃত নাটৰ ব্যৱহৃত হোৱা প্ৰাকৃত, হালৰ গাথা সপ্তশ্ৰতী, বাকপতিৰাজৰ গৌৰবহো, প্ৰবৰ সেনৰ সেতুবন্ধন আৰু জৈন ধৰ্ম গ্ৰন্থত মধ্য প্ৰাকৃতৰ নিদৰ্শন পোৱা যায়।

৩)অন্ত্য প্ৰাকৃত
  • অন্ত্য প্ৰাকৃত বুলিলে অপভ্ৰংশক বুজায়। অন্ত্য প্ৰাকৃতৰ সাহিত্যৰ নিদৰ্শন হ’ল বজজালগগ, সন্দেশৰাসক

প্ৰাকৃত ভাষাৰ চাৰিটা আঞ্চলিক ৰূপ আছে:-
  • পূৰ্বাঞ্চলৰ- মাগধী
  • মধ্যদেশৰ- শৌৰসেনী
  • দক্ষিণ পশ্চিমাঞ্চলৰ- মহাৰাষ্ট্ৰী
  • উত্তৰ পশ্চিমাঞ্চলৰ- পৈশাচী।

মাগধী প্ৰাকৃতৰ পৰা উদ্ভৱ হয় প্ৰাচ্য অপভ্ৰংশ। ভাষাতত্ত্ববিদ, পণ্ডিত ড° সুনীতি কুমাৰ চট্টোপাধ্যায়ে মাগধী প্ৰাকৃতৰ পৰা উদ্ভৱ হোৱা প্ৰাচ্য অপভ্ৰংশৰ চাৰিটা শাখা হ’ল-



১)ৰাঢ়: পশ্চিমবঙ্গৰ উপভাষাৰ সৃষ্টি হয়।



২)বৰেন্দ্ৰ: উত্তৰ মধ্যবঙ্গৰ উপভাষাৰ সৃষ্টি হৈছে।



৩)বঙ্গ: পূৰ্ববঙ্গৰ উপভাষাৰ সৃষ্টি হৈছে।



৪)কামৰূপ: 
  • এই কামৰূপী প্ৰাচ্য অপভ্ৰংশৰ পৰাই অসমীয়া আৰু উত্তৰবঙ্গৰ কোচবিহাৰ, জলপাইগুৰি, ৰংপুৰ আদি অঞ্চলত কথিত ভাষাৰ সৃষ্টি হৈছে।
অসমীয়া ভাষাই খ্ৰীষ্ট্ৰীয় দশম শতিকাৰ মাজভাগৰ পৰা স্বকীয় ৰূপ ল’বলৈ আৰম্ভ কৰে। প্ৰসিদ্ধ চীনা পৰিব্ৰাজক হিউৱেনচাঙে তেওঁৰ বিৱৰণীত লিখিছে যে কামৰূপৰ ভাষা মধ্যভাৰতৰ ভাষাৰ পৰা কিছু পৃথক আছিল। 

চৰ্যাপদ
  • অসমীয়া ভাষাৰ বিকাশৰ উল্লেখযোগ্য নিদৰ্শন দাঙি ধৰে চৰ্যাপদবোৰে। 
  • কামৰূপী ভাষাৰ ৰূপতাত্ত্বিক নিদৰ্শনবোৰৰ নমুনা পোৱা যায়।
  • চৰ্যাপদৰ পাছত কামৰূপী ভাষাৰ নিদৰ্শন পোৱা যায় প্ৰাচীন অসমীয়া সাহিত্যত। এই ক্ষেত্ৰত প্ৰথমে উল্লেখনীয় হ’ল মাধৱ কন্দলিৰ ৰামায়ণৰ ভাষা। ইয়াৰ লগতে ‘শ্ৰীকৃষ্ণ কীৰ্ত্তন’ৰ ভাষাৰ লগত থকা সম্পৰ্কই অসমীয়া ভাষাৰ পূৰ্বভাৰতৰ ভাষাৰ লগত থকা সম্পৰ্কৰ কথা দৃঢ়তাৰে ঘোষণা কৰে। 
উপভাষা:
  • এটা অঞ্চলৰ ভাষা আৰু আন এটা অঞ্চলৰ ভাষাৰ মাজত ধ্বনি, ধ্বনি সংযোগ বা ৰূপ আৰু শব্দমালাৰ নানা পৰিবৰ্তন দেখিবলৈ পোৱা যায়। ভাষাৰ এনে আঞ্চলিক ৰূপকে উপভাষা বোলে।
  • উপভাষা সৃষ্টিৰ মূল কাৰণ হ’ল মানুহৰ মাজত আহ-যাহ বা যোগাযোগৰ অভাৱ 
  • অসমীয়া ভাষাটোৱে দুটা আঞ্চলিক ৰূপ পালে- এটা পূব অঞ্চলৰ বা উজনিৰ উপভাষা আৰু আনটো পশ্চিম অঞ্চলৰ বা নামনিৰ উপভাষা।
  • পশ্চিম অঞ্চলৰ উপভাষাক আৰু দুটা ভাগত ভগাব পাৰি। এটা কামৰূপী উপভাষা আৰু আনটো গোৱালপৰীয়া উপভাষা।
  •  শিৱসাগৰ অঞ্চলত কোৱা উপভাষাটোৱে মান্য ৰূপ পালে
  • কমতাপুৰ জয়ন্তাপুৰ আৰু কোচবেহাৰৰ ৰজাসকলৰ পৃষ্ঠপোষকতাত প্ৰাচীন অসমীয়া সাহিত্য এই অঞ্চলত সৃষ্টি হৈছিল
  • প্ৰথম অসমীয়া কবি হেম সৰস্বতী, মাধৱ কন্দলি, মনসা কবি মনকৰ, দুৰ্গাবৰ, সুকবি নাৰায়ণদেৱ, শংকৰদেৱ, মাধৱদেৱ, ভট্টদেৱ আদিৰ ৰচনাত নামনি অসমৰ বিশেষকৈ কামৰূপ জিলাৰ ভাষাৰ চানেকি পোৱা যায়।
অসমীয়া ভাষাৰ জন্ম, ক্ৰমবিকাশ আৰু উপভাষা MCQ  Click Here 

Assam TET 2019 Important Links

Assam TET 2019 Online Apply: Click here

Assam TET 2019 Official Syllabus: Click Here

Assam TET 2019 Assamese Syllabus Click Here

Assam TET 2019 Previous Paper: Click Here

Assam TET 2019 Guide Book: Click Here


উৎস: Internet, Assam TET Books,


DISCLAIMER NOTICE
All the information provided on this Post has been obtained by the creator from various sources which believed to be reliable and true. However, the creator does not take any responsibility for the absolute accuracy of any information published and the damage or loss suffered thereon. 
Visitors may confirm it and make it correct if any error found they may also contact us,we will make it correct. 

Advertisement
Share:

0 Comments:

Post a Comment

Please Subscribe us