19 November 2022

Lachit Barphukan Essay in Assamese | লাচিত বৰফুকন বিষয়ে ৰচনা

Advertisement

The Assam State Government released a notification regarding the organization of the 400th Birth Anniversary of Lachit Borphukan which will be on 24 November 2022. The government had provided guidelines about essay competitions among the students of classes 1 to 12 in every school. After the essay competition, the officials ask to upload the best essays on the Lachit Barphukan app designed by the government on 26th October 2022. 

Lachit Barphukan Essay in Assamese

Lachit Barphukan Essay in Assamese

Many Teachers and students search for the best Lachit Barphukan Essay in Assamese. Lachit Barphukan Essay in English,  Lachit Barphukan Essay in Bengali & they need the Assamese লাচিত বৰফুকন বিষয়ে ৰচনা . So we are here to help you , Please check below Lachit Barphukan Essay in Assamese | লাচিত বৰফুকন বিষয়ে ৰচনা


Lachit Barphukan Essay in Assamese 


লাচিত বৰফুকন বিষয়ে ৰচনা

সাগৰ দেখিছা ৰ কবি দেৱকান্ত দেৱে লাচিত ফুকন কবিতাত লিখিছিল..

লাচিত ফুকন! লাচিত ফুকন! মোৰ স্বদেশৰ বীৰ!

দেশৰ কাৰণে তাহানি এদিন যাঁচিলা নিজৰ শিৰ।

দেশৰ কাৰণে, মুক্তিৰ হকে, অন্যায় ৰোধি বীৰ!

নৰ-শোণিতেৰে কৰিলা আৰতি দেশৰ জয়শ্ৰীৰ।

দেশৰ কাৰণে শুনিলা এদিন মৃত্যুৰ আৱাহন,

জাতিৰ বুকুত জগাই তুলিলা, দুৰ্মদ যৌৱন

 

       ছশ বছৰীয়া ইতিহাস বিজড়িত পৰাক্ৰমী ,জাতি আহোম সকলৰ এটা বিখ্যাত ফৈদ লুখুৰাখন ফৈদৰ লান-ফিমা বংশৰ ব্যক্তি হল লাচিত বৰফুকন। আহোম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱা তথা পাইক প্ৰথাৰ প্ৰৱৰ্তক মোমাই তামুলী বৰবৰুৱাৰ ঔৰষজাত সন্তান লাচিত বৰফুকন । চাওলুং চুকাফাৰ লগতে অসমলৈ আহিছিল লাচিত বৰফুকনৰ পূৰ্বপুৰুষ। তেওঁৰ জন্ম সম্পর্কে সঠিক তথ্য পোৱা নাযায় যদিও তেওঁৰ জন্ম ১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে আহোমৰ ৰাজধানী গড়গাঁৱৰ ওচৰে-পাজৰে হৈছিল বুলি কোৱা হয়।

প্ৰাৰম্ভিক শিক্ষা:

শিশু অৱস্থাৰ পৰাই সততা, কৰ্তব্যনিষ্ঠা,নিয়মানুৱৰ্তিতা স্পষ্টবাদিতা আদি গুণৰ অধিকাৰী লাচিত বৰফুকনে নিজৰ বাসগৃহতেই আৰম্ভ কৰিছিল প্ৰাৰম্ভিক শিক্ষা। ৰাজপৰিয়ালত জন্ম গ্ৰহণ কৰাৰ সূত্ৰেই সামৰিক আৰু অসামৰিক দুয়োবিধ শিক্ষাই আয়ত্ত কৰিছিল লাচিত বৰফুকনে। উল্লেখ্য যে লাচিত বৰফুকনক উপযুক্ত শিক্ষাৰে দিক্ষিত কৰি তুলিবলৈ তেওঁৰ পিতৃয়ে ঘৰুৱা শিক্ষক নিয়োগ কৰি হিন্দু ধর্মনীতি, অর্থশাস্ত্র আদিৰ বিষয়ত শিক্ষা প্ৰদান কৰিছিল। ইয়াৰ ওপৰিও তেওঁ পিতৃ মোমাই তামুলী বৰবৰুৱা আহোম ৰাজ্যৰ বৰবৰুৱা পদত অধিষ্ঠিত থকাৰ বাবেই সেই সময়ত আলোচিত হোৱা বিভিন্ন আলোচনা সমূহৰ পৰা লাচিত বৰফুকনে ৰাজনৈতিক, কূটনৈতিক, অর্থনৈতিক, সামাজিক আদি বিষয় সন্দৰ্ভত জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হৈছিল।


লাচিত বৰফুকনৰ প্ৰাৰম্ভিক জীৱন:

            ছশ বছৰীয়া ইতিহাস বিজড়িত পৰাক্ৰমী জাতি আহোম সকলৰ এটা বিখ্যাত ফৈদ লুখুৰাখন ফৈদৰ লান-ফিমা বংশৰ ব্যক্তি আছিল লাচিত বৰফুকন। লাচিত বৰফুকনৰ জন্ম সম্পর্কে সঠিক তথ্য পোৱা নাযায় যদিও তেওঁৰ জন্ম ১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে আহোম ৰাজধানী গড়গাঁৱৰ ওচৰে-পাজৰে হৈছিল বুলি কোৱা হয়। তেওঁৰ পিতৃৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা আৰু মাতৃৰ নাম আছিল নাগেশ্বৰী।

লাচিত বৰফুকনৰ কৰ্মজীৱন:

    নিজৰ অধ্যাৱসায়, সাহস তথা কষ্টৰ ফলত আহোম ৰাজ্যৰ বৰফুকন তথা প্রধান সেনাপতিৰ পদত অধিষ্ঠিত হৈছিল লাচিত বৰফুকন। গুৰুত্বপূৰ্ণ কথা যে পোন প্রথমেই আহোম ৰাজ্যৰ সেনাপতিৰ পদত অধিষ্ঠিত হোৱাৰ বিপৰীতে লাচিত বৰফুকনে সেইসময়ৰ ৰাজমন্ত্ৰী ডাঙৰীয়াৰ হাঁচতিধৰা তামুলীৰ পদত নিযুক্ত হৈছিল। ব্যক্তিগত সহায়কৰ পৰ্যায়ৰ এই পদটোত অধিষ্ঠিত হৈ প্ৰথমবাৰৰ বাবে আহোম ৰাজ্যৰ ৰাজনীতিত প্ৰৱেশ কৰিছিল লাচিত বৰফুকনে।

          ইয়াৰ পৰৱৰ্তী সময়ত লাচিত বৰফুকন নিযুক্ত পাইছিল ঘোঁৰাবৰুৱাৰ পদত। ঘোঁৰাবৰুৱাৰ পদত সুকলমে দায়িত্ব সম্পন্ন কৰাৰ বাবে পৰৱৰ্তী সময়ত আহোম ৰজাই লাচিত বৰফুকনক দুলীয়া বৰুৱা পদবীত নিযুক্তি দিছিল। ইয়াৰ পৰৱৰ্তী সময়ত লাচিত বৰফুকনে নিযুক্তি লাভ কৰিছিল শিমলুগুৰিয়া খেলৰ প্ৰধান বিষয়া শিমলুগুৰিয়া ফুকনৰ পদবীত। শিমলুগুৰিয়া ফুকন হিচাপে দায়িত্ব সম্পন্ন কৰা লাচিত বৰফুকনে পৰৱৰ্তী সময়ত নিযুক্তি লাভ কৰিছিল দোলাকাষৰীয়া বৰুৱা হিচাপে।

        লাচিত বৰফুকন দোলাকাষৰীয়া বৰুৱা পদত অধিষ্ঠিত হৈ থাকোঁতে স্বৰ্গদেউ চক্ৰধ্বজ সিংহই লাচিত বৰফুকনৰ দক্ষতাৰ উমান পাইছিল। যাৰ বাবে চক্ৰধ্বজ সিংহই লাচিত বৰফুকনৰ নিৰ্ভীকতা, সাহসীকতা আৰু আত্মমর্যাদাবোধৰ প্ৰমাণ চাই মর্যাদা অনুসৰি আনুষ্ঠানিকভাৱে আহোম ৰাজ্যৰ প্রধান সেনাপতি আৰু বৰফুকন পদত নিযুক্ত কৰিলে। '


লাচিত বৰফুকনৰ মোগলৰ সৈতে যুদ্ধ:

         গুৰুত্বপূৰ্ণ কথা যে স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্ব কালত ১৬৬২ খ্ৰীষ্টাব্দত মোগল সম্ৰাট ঔৰংজেৱৰ সেনাবাহিনীয়ে মীৰজুমলাৰ নেতৃত্বত অসম আক্ৰমণ কৰি আহোম ৰাজ্যক কৰতলীয়া ৰাজ্য হিচাপে অন্তর্ভুক্ত কৰিছিল। জয়ধ্বজ সিংহই সেই সময়ত অসমৰ স্বাধীনতা ঘুৰাই আনিবলৈ অহোপুৰুষাৰ্থ কৰিছিল যদিও সফল হ'ব পৰা নাছিল। স্বৰ্গদেউ জয়ধ্বজ সিংহৰ মৃত্যুৰ পাছত স্বৰ্গদেউ চক্ৰধ্বজ সিংহই অতীতৰ গৌৰৱ উদ্ধাৰ কৰিবৰ বাবে প্ৰচেষ্টা হাতত লৈছিল। আৰু এই বাবে এজন যোগ্য সেনাপতিৰ সন্ধান কৰি লাচিত বৰফুকনক সেনাপতি দায়িত্ব অৰ্পণ কৰিছিল।

              লাচিত বৰফুকনে সেনাপতি দায়িত্ব লৈয়েই দেশৰ সৈন্য সকলক সংগঠিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত ১৬৬৭ খ্ৰীষ্টাব্দত লাচিত বৰফুকনে নেতৃত্ব লৈ গুৱাহাটী উদ্ধাৰৰ প্রচেষ্টা চলায় মোগল সকলক আক্রমণ কৰে। গুৰুত্বপূৰ্ণ কথা যে এই আক্ৰমণত ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ দুয়োপাৰেই আহোম সৈন্যই বিজয়ধ্বজা উৰুৱাই আৰু  আহোম সৈন্যই ইটাখুলি আৰু গুৱাহাটী দুৰ্গ অধিকাৰ কৰে ১৬৬৭ খ্ৰীষ্টাব্দৰ ২ নৱেম্বৰৰ দিনা মাজনিশা। গুৰুত্বপূৰ্ণ কথা যে এই আক্ৰমণত বহু সংখ্যক মোগল সৈন্যই প্ৰাণ আহুতি দিয়ে অন্যহাতে মিৰজুমলাই ১৬৬২ খ্ৰীষ্টাব্দত বন্দী কৰি নিয়া ভালেমান অসমীয়া সৈন্যক লাচিত বৰফুকনে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কিন্তু ১৬৬৯ খ্ৰীষ্টাব্দৰ ফেব্ৰুৱাৰীত অসম আক্ৰমণ কৰিবলৈ ৰামসিংহৰ নেতৃত্বত মোগল সৈন্যবাহিনী অসমলৈ আগমন ঘটে। গুৰুত্বপূৰ্ণ কথা যে মোগল সকলৰ লগত ৰণত পাৰিবলৈ সেই সময়ত আহোম সেনা সম্পূৰ্ণ ৰূপে প্ৰস্তুত হোৱা নাছিল যদিও লাচিত বৰফুকনে বুদ্ধিৰে সম্ভাব্য বিপদৰ সন্মুখীন হ'বলৈ প্ৰস্তুত হৈছিল। ১৯৬৯ খ্ৰীষ্টাব্দত সংঘটিত হৈছিল আহোম আৰু মোগল সকলৰ মাজত আলাবৈ ৰণ। উল্লেখ্য যে এই যুদ্ধত একেদিনাই আহোমৰ দহ হাজাৰ সৈন্যই প্ৰাণ আহুতি দিছিল। এই সময়ত লাচিত বৰফুকন মুহূৰ্তৰ বাবে বিচলিত হ'লেও ভাগৰি পৰা নাছিল।

গুৰুত্বপূৰ্ণ কথা যে অসম আক্ৰমণ কৰিবলৈ মোগল সম্রাট ঔৰেংগজেৱে সেনাপতি ৰাম সিংহৰ নেতৃত্বত অসম আক্ৰমণ কৰিবলৈ ১৮,০০০ অশ্বাৰোহী, ৩০,০০০ পদাতিক আৰু ১৫,০০০ কাড়ী সৈন্য প্ৰেৰণ কৰিছিল। অন্যহাতে আহোম সেনাপতি লাচিত বৰফুকনে ৰামসিংহক ভেটা দিবলৈ শৰাইঘাটৰ চাৰিওকাষে কোঠ নিৰ্মাণ কৰিছিল। এটা ৰাতিৰ ভিতৰত গড় সম্পূর্ন কৰাৰ দায়িত্ব মোমাইয়েকক দিছিল। কথিত তথ্য অনুসৰি লাচিত বৰফুকনৰ মোমায়েকে নিজৰ কৰ্তব্যত অৱহেলা কৰাৰ বাবে লাচিত বৰফুকনে দেশতকৈ মোমাই ডাঙৰ নহয় বুলি মোমায়েকক শিৰচ্ছেদ কৰাৰ কথা প্রচলিত আছে। অন্যহাতে আন একাংশ ব্যক্তিৰ মতে কৰ্তব্যত অৱহেলা কৰা বাবে লাচিত বৰফুকনে মৌমাই অৰ্থাৎ গড় নিৰ্মাণ কৰ অভিযন্তাকহে হত্যা কৰিছিল বুলি অভিহিত কৰিছে।

যুগান্তকাৰী শৰাইঘাট ৰণ:

              গুৰুত্বপূৰ্ণ কথা যে আলাবৈ ৰণত মোগল সেনা জয় লাভ কৰাৰ পিছত পুনৰ আহোম সৈন্যক চূড়ান্ত আক্রমণ কৰিবলৈ ঔৰংজেৱৰৰ নিৰ্দেশত ৰামসিংহ সাজু হৈছিল। কিন্তু দুর্ভাগ্যবশতঃ আহোম সেনাপতি লাচিত বৰফুকনৰ স্বাস্থ্য সেই সময়ত সুস্থ নাছিল, ৰোগাক্ৰান্ত হৈ আছিল লাচিত বৰফুকন। তথাপিও দেশৰ স্বাৰ্থত ৰোগীয়া শৰীৰেই মোগলৰ মুখা মুখি হবলৈ সাজু হৈছিল লাচিত বৰফুকন।

১৬৭১ খ্ৰী:ৰ মাৰ্চ মাহত শৰাইঘাটত মোগল আৰু আহোম সেনাৰ সন্মুখ সমৰত লিপ্ত হৈছিল। গুৰুত্বপূৰ্ণ কথা যে এই ইতিহাস প্ৰসিদ্ধ শৰাইঘাটৰ যুদ্ধত আক্ৰমণকাৰী মোগল সেনাই সম্পূৰ্ণভাৱে পৰাজয় বৰণ কৰে ।লাচিত বৰফুকনৰ নেতৃত্ব বহন কৰা এই শৰাইঘাট যুদ্ধ হ'ল অসমৰ ইতিহাসৰ সোণালী আখৰেৰে জিলিকা যুগান্তকাৰী ঘটনা। মহা পৰাক্ৰমী মোগল শক্তিক পৰাভূত কৰা লাচিত বৰফুকন নেতৃত্বই অসম বাসীৰ শৌর্য-বীর্য তথা সন্মান বিশেষভাৱে বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন

     নিজৰ বীৰত্ব আৰু সাহস প্ৰদৰ্শন কৰি শৰাইঘাট যুদ্ধত জয়লাভ কৰা লাচিত বৰফুকনৰ মৃত্যু হয় শৰাইঘাট যুদ্ধৰ কিছুদিনৰ পিছতেই। ১৬৭২ খ্ৰীষ্টাব্দত মৃত্যুক সাৱটি লোৱা বীৰজনক যোৰহাটৰ হোলোঙাপাৰত মৈদাম দিয়া হয়।গুৰুত্বপূৰ্ণ কথা যে বুদ্ধিমত্তা, সাহস পৰাক্ৰমৰ জৰিয়তে শৰাইঘাট যুদ্ধত জয় লাভ কৰা আহোম সেনাপতি লাচিত বৰফুকনৰ জন্ম দিনটো প্ৰতি বছৰে উদযাপন কৰা হয় লাচিত দিৱস হিচাপে।

সামৰণি:

অসম তথা অসমীয়াৰ বাবে এটা চিৰসেউজ সত্বা হল লাচিত বৰফুকন। লাচিত বৰফুকনৰ দৰে এজন বীৰৰ ইতিহাসেৰে সমৃদ্ধ অসমীয়া জাতি। অসমীয়াৰ আৱেগ, বিবেক সকলো অধিকাৰ কৰি আছে লাচিত বৰফুকনৰ বীৰত্ব হল সমগ্ৰ জাতিৰ বাবে আদৰ্শ তথা অনুপ্ৰেৰণাৰ উৎস। লাচিত বৰফুকনৰ দৃঢ়, নি:স্বার্থ, দুৰদৰ্শী ব্যক্তিৰ নেতৃত্বই অসমীয়া সমাজত সূচনা কৰিছিল যুগান্তকাৰী পৰিৱৰ্তন। অসমীয়া উত্তৰ প্ৰজন্মৰ বাবে লাচিত বৰফুকন হৈ ৰ'ব সদায় অপৰাজেয় ব্যক্তিত্ব, সাহস আৰ সংগ্ৰামৰ প্ৰতীক ।



Lachit Borphukan short essay in Assamese

চন ১৬২২ ৰ ২৪ নবেম্বৰত অসমৰ বিখ্যাত টাই আহোম সম্প্ৰদায়ৰ লুখুৰাখন বংশৰ মোমাই তামূলী বৰবৰুৱা আৰু আই নাগেশ্বৰীৰ ঔৰসত জন্মা লাচিত বৰফুকনে সৰুৰে পৰাই অফুৰন্ত শক্তি,অদম্য সাহস আৰু তীক্ষ্ণ বুদ্ধিমত্তাৰ পৰিচয়েৰে কৰ্মনিষ্ঠা, একাগ্ৰতা, দক্ষতাৰে সামৰিক অসামৰিক দুয়োবিধ শিক্ষাত পাৰ্গত হৈ দোপত দোপে ৰজাৰ হাঁচতিধৰা, ঘোঁৰাবৰুৱা, দোলাবৰুৱা আদি এটাৰ পৰা আনটো পদলৈ পদোন্নতি লাভ কৰি কৰি ক্ৰমান্বয়ে স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দুটিমান কঠিন পৰীক্ষা যেনে - এহেজাৰ হাতী চলোৱা, সুবিশাল কলৰ বাৰী নিৰ্ধাৰিত সময়ত কাটি মুকলি কৰা, নিজৰ আত্মমৰ্যদা বিচাৰ কৰা আদিত হেলাৰঙে উত্তীৰ্ণ হোৱাৰ ফলাফলত আহোম সেনাৰ সেনাপতি পদত অধিষ্ঠিত হৈ নিস্বাৰ্থ দেশপ্ৰমেৰে সকলো সৈন্যক উদ্ধুদ্ধ ও নিপুণ সামৰিক কলাৰে প্ৰশিক্ষিত কৰি, ১৬৬৩ চনতে আহোম ৰজা জয়ধ্বজ সিংহ আৰু মোগল সম্ৰাট ঔৰংজেৱৰ মাজত হোৱা "ঘিলাধাৰী চুক্তি" খন ৰজা চক্ৰধ্বজ সিংহই অস্বীকাৰ কৰি মোগল সম্ৰাটক কৰ দিবলৈ বন্ধ কৰাৰ বাবে  ভয়ংকৰভাৱে অসম আক্ৰমণ কৰিবলৈ বাৰে বাৰে আহি থকা বিশাল মোগল সৈন্যৰ হাতত ১৬৬৯ চনৰ আলাবৈ ৰণত একেদিনাই দহহাজাৰ আহোম সৈন্যৰ নিৰ্মম মৃত্যুতো বিচলিত হৈ বিজয় স্পৃহা নেহেৰুৱাই ওলোটাই আহোম মহামন্ত্ৰী আতন বুঢ়াগোঁহাইৰ তীক্ষ্ণ মন্ত্ৰনাৰ সহায়ৰ সৈতে মোগলক ঘটুৱাই অসমখনিক কৰতলীয়া চুক্তিৰ পৰা মুক্ত কৰিবলৈহে লাচিত বৰফুকনে অতি ক্ষিপ্ৰতাৰে সৈন্য-সামন্ত আৰু ৰণনীতি প্ৰস্তুত কৰি থকাৰ মাজৰ এটি জৰুৰী গড় বন্ধা কাৰ্যত গাফিলতি কৰা নিজৰ মোমায়েকক "দেশতকৈ মোমাই ডাঙৰ নহয় " বুলি একেঘাপে শিৰচ্ছেদ কৰি নিস্বাৰ্থ দেশপ্ৰেমৰ অমোঘ মন্ত্ৰনা চৌদিশে বিয়পাই একেৰাতিতে উক্ত গড়টো সম্পূৰ্ণকৈ নিৰ্মাণ কৰি চুড়ান্ত ৰণৰ বাবে সসৈন্যে আগুৱাই যোৱাৰ পথত হঠাৎ নিজে টান নৰীয়াত পৰা স্বত্বেও অকণমান থমকি চিকিৎসা লোৱাৰ বিপৰীতে নিজৰ ৰোগশৰ্যাৰ বিচনাখনকেহে ৰণুৱা নাৱত তুলি  বিশাল ব্ৰহ্মপুত্ৰৰ বুকুৰ শৰাইঘাটত সন্মুখৰ পৰা সুদক্ষ নেতৃত্ব দি নিজেও অতুলনীয় বীৰত্বৰে তয়াময়া ৰণ যুঁজি যুঁজি ১৬৭১ চনৰ মাৰ্চ মাহত মোগলক সম্পূৰ্ণৰূপে ঘটুৱাই বিজয়ধ্বজ্জা আঁজুৰি সোণৰ অসমখনিক  সম্পূৰ্ণ সুৰক্ষা প্ৰদান কৰি অৱশেষত চন ১৬৭২ৰ এপ্ৰিল মাহত  মৃত্যু বৰণ কৰে।


Lachit Borphukan short note in Assamese


আৰম্ভণি :

অসমৰ ইতিহাসত যিসকল বীৰ যোদ্ধাৰ নাম জিলিকি আছে সেইসকলৰ ভিতৰত লাচিত বৰফুকন অন্যতম।ইংৰাজী  ২৪ নৱেম্বৰৰ দিনটো অসমত লাচিত ফুকনৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত লাচিত-দিৱস হিচাপে পালন কৰা হয়। আজিৰ এই ৰচনাখনৰ জৰিয়তে আমি লাচিত বৰফুকনৰ বিষয়ে আভাস লম।

জন্ম : 

বীৰ লাচিত বৰফুকনৰ জন্ম বিষয়ে  তথ্য সঠিককৈ পোৱা নাযায় যদিও ১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে আহোম ৰাজধানী গড়গাঁৱৰ ওচৰে-পাজৰে তেওঁৰ জন্ম  হৈছিল বুলি কোৱা হয়।  মোমাই তামুলী বৰবৰুৱা আছিল তেওৰ পিতৃৰ নাম আৰু মাতৃৰ নাম আছিল নাগেশ্বৰী। তেওঁৰ দেউতাক আছিল ম'-ছাই চেং কালুক যি আহোমৰ লান-ফিমা বংশৰ আছিল। লাচিত আছিল ম'-ছাইৰ সপ্তম পুত্ৰ  তেখেতৰ ভাতৃৰ নাম মবাও-লাও আৰু লাপেট-লাও, ভগ্নীৰ নাম লাইছেং। জন্মসূত্ৰে তেওঁৰ নাম আছিল লা-চিত৷

শিক্ষা- ৰাজ পৰিয়ালত জন্মগ্ৰহণ কৰা লাচিতে সামৰিক আৰু অসামৰিক দুয়োটা শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছিল। ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰা লাচিত পৰিয়ালৰ পৰা দায়িত্ব, আনুগত্য আৰু সততাৰ গুণ উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল। আহোমসকলৰ অন্যতম বিখ্যাত  ফৈদ হৈছে বিখ্যাত লন ফিমা বংশ। লাচিত আছিল এই ফৈদৰ। এই বংশৰ প্ৰথম পুৰুষ চুকাফাৰ সৈতে অসমলৈ আহিছিল।

তেওঁক প্ৰথমে ঘোঁৰা বৰুৱাৰ পদত নিয়োজিত কৰা হৈছিল। এই অৱস্থাত থকা সময়ত তেওঁ অতি শক্তিশালী ঘোঁৰা নিয়ন্ত্ৰণ কৰিছিল। ঘোঁৰা বৰুৱা, দুলীয়া বৰবৰুৱা, শিমুলগুৰীয়া ফুকন, দোলাকাষৰীয়া বৰুৱা (দোলা কঢ়িওৱা আৰু পালি পহৰীয়া সকলক চলোৱা) হোৱাৰ পিছত চাওফা চুপুংমু ফুকনলুং হৈ পৰিল।

দোলাকাষৰীয়া বৰুৱাৰ কাৰ্যকালত চাওফাই লক্ষ্য কৰিছিল লাচিতৰ মাজত নিহিত হৈ থকা দক্ষতা। এদিন দোলনাত বহি থকা চাওফাই লাচিতক ক'লে, "বংগৰ শত্ৰু চৈয়দ ফিৰোজ আৰু চৈয়দ চালাহক আমি কেনেকৈ ধৰিব পাৰোঁ?" লাচিতে উত্তৰ দিলে, চাওফাৰ ৰাজ্যত মানুহ নাই নেকি? বঙালনো কি? মানুহহে! আমাৰ ৰাজ্যত নোলাব নেকি তেনে মানুহ। চাওফা আদেশ দিবহে লাগে"

তাৰ পিছত লাচিতক ফুকনলুঙৰ দায়িত্ব দিয়া হয়। ফুকলুঙৰ পদ গ্ৰহণ কৰাৰ পূৰ্বে আন এক পৰীক্ষাৰ সন্মুখীন হবলগীয়া হৈছিল লাচিত। লাচিতক চাওফাৰ সন্মুখলৈ মাতি অনা হয়। চাওফাৰ আগত আঁঠু লৈ থাকোঁতে কৰ পৰা এজন লগুৱা আহি লাচিতৰ মূৰৰ বস্ত্ৰ লৈ গল। চাওফাই এয়া ইচ্ছাকৃতভাৱে কৰিছিল । লাচিতে স্বাভাৱিকতে খাপৰ পৰা  পৰা হেংদাঙখন লৈ লগুৱাজনক খেদি গল।পিছত যেনিবা লগুৱা বাচিল। লাচিত আছিল নিৰ্ভীক আৰু অতি সাহসী।

 

শৰাইঘাটৰ যুদ্ধ

শৰাইঘাট যুদ্ধৰ শেষৰ ফালে বৃহৎ মোগল সৈন্যৰ সন্মুখত আহোম বাহিনীয়ে পিছুৱাই যাবলৈ ধৰিলে। সেই সময়ত লাচিতৰ প্ৰচণ্ড জ্বৰ হৈছিল। ৰোগীয়া মানুহজনে মোগলৰ বিৰুদ্ধে যুঁজিবলৈ নাও এখনত উঠি সৈনিকসকলক সম্বোধন কৰি কলে, অসমীয়া ৰণুৱা সকল মই যুঁজিহে মৰিম। নাইবা মোক বঙালে ধৰি লৈ যাওক তোমালোক সুখেৰে ঘৰলৈ যোৱা।এই কথাবোৰে সৈনিকসকলক নতুনকৈ  উৎসাহিত কৰিছিল আৰু তেওঁলোকে দুগুণ সাহসেৰে যুদ্ধ কৰি মোগলক পৰাস্ত কৰিছিল।


মৃত্যু: শৰাইঘাটৰ যুদ্ধত জয়ী হোৱাৰ পিছতেই লাচিতৰ মৃত্যু হয়। যুদ্ধৰ সময়ত তেওঁৰ তীৰকঁপে জ্বৰ হৈছিল আৰু সেই জ্বৰৰ শৰীৰৰ সৈতে যুঁজিছিল। পিছলৈ চাওফা উদয়াদিত্য সিংহই যোৰহাটৰ পৰা ১৬ কিলোমিটাৰ নিলগত ১৬৭২ চনত "লাচিত মৈদাম" নিৰ্মাণ কৰে।

 

Advertisement
Share:

0 Comments:

Post a Comment

Please Email us at editor@assamgovtsakari.com

LIKE US ON FACEBOOK